Featured

মৰমবোৰ জীয়াই ৰাখিম

This is the post excerpt.

Advertisements

স্বপ্নাবিষ্ট তাইৰ বালিচাপৰিত
কোনো কৃত্ৰিমতাৰ ঠাই নাই!
সৰলতাক প্ৰাধান্য দিয়া সেই
কুমলীয়া মনটোৰ বাবে এটি
সজীৱ আবেলিৰ এচেৰেঙা
ৰ’দেই যথেস্ট!

ধুমুহা

কেতিয়াবা মৌন হৈ ৰও;
কিয়নো উত্তৰবোৰ নাথাকে
পৰীক্ষাৰ প্ৰশ্নবোৰৰ
সৰল উত্তৰবোৰৰ দৰে;
জীৱনবোৰ সহজ নহয়
চিনেমাত দেখুওৱাৰ দৰে!

নিজৰ সেই নিঠৰুৱা
ভঙা বুকুৰ প্ৰতি পুতৌ উপজে;
চকুপানীবোৰ হিম হৈ গোট মাৰে
আৰু যেতিয়া,

যেতিয়া ধৈৰ্যৰ বান্ধ ভাঙে
বৈ যায় অহৰ্নিহে,
ভেটা দিব নোৱাৰাকৈ
ধুই নিনিয়া লৈকে;

ধুমুহাজাক মাজে মাজে আহে
আৰু জীয়াই থকাৰ অনুভৱ
দি থৈ যায়গৈ!
©Jushmi©জোস্মি

“এন্ধাৰ”

এন্ধাৰ মোৰ চিৰলগৰী
মোৰ অকথ্য,অবোধ্য,অলিখিত
কাহিনীবোৰৰএকমাত্ৰ সাক্ষী হৈ ৰোৱা
এন্ধাৰ, মোৰ চিৰলগৰী!

নিৰৱে,নিৰলে মোৰ
শত,সহস্ৰ অনাদি দুখবোৰৰ বুজ লৈ
মোক পোহৰৰ সন্মুখীন
হবলৈ সক্ষম কৰি তোলা
এন্ধাৰ মোৰ চিৰলগৰী!

মোৰ হেজাৰ বিজাৰ দুখবোৰ
গুপুতে ৰাখি, তুলাচালনীৰে নুজোখাকৈ
মইজনী,মই হৈ থাকিবলৈ দিয়া
এন্ধাৰ মোৰ চিৰলগৰী!

চকুপানীৰে বাটভেটি
হোৱা অন্ধকাৰ,আৰু
ৰাতিৰ প্ৰাকৃতিক আন্ধাৰৰ
সংমিশ্ৰণত উদয় হোৱা
সেই স্মৃতি বিগলিত সবল
অথচ নিঁভাজ শব্দবোৰেৰে
মোক শক্তিশালী কৰি তোলা
এন্ধাৰ মোৰ চিৰলগৰী!

লক্ষ,লক্ষ ক্ষীণ পোহৰৰ বিপৰীতে
চিৰদিন মনৰ দুখৰ দুৰ্লংঘ্য পাহাৰ
আৰু গৰাখহনীয়াৰ বুজলোৱা;
মোৰ দুখৰ হুমুনিয়াহৰ বিপৰীতে
মোক সবল কৰি তোলা
এন্ধাৰ মোৰ প্ৰিয়লগৰী।
২২জুলাই,২০১৮
Sunday

“মৰমবোৰ জীয়াই ৰাখিম”

ৰাতিদুপৰৰ নিতাল মৰা নিস্তব্ধতাৰ আঁৰেৰে
সৰকি অহা ভাৱেৰে
মৰমবোৰ জীয়াই ৰাখিম;

আবেগত উপচি পৰা হৃদয়যুৰিৰ
স্বাক্ষৰ বহন কৰা সেই উত্তপ্ত
চকুলো মোহাৰি কলম তুলিলৈ
মৰমবোৰ জীয়াই ৰাখিম;

ভাবিলে হৃদয় কঁপা সেই
মৰমবিহীন দিন কেইটাত
খেপিয়াই খেপিয়াই বিচাৰি ফুৰিবলৈ
মৰনবোৰ জীয়াই ৰাখিম;

সৰু সৰু অাদৰ আব্দাৰবোৰৰ
নিঁখুত বৰ্ণনাৰে নিজৰ বাবে মৰমবোৰ
সাঁচি ৰাখিম;
মৰমবোৰ জীয়াই ৰাখিম!

@jushmi
১৫জুলাই ২০১৮

সৰা পাতত উকা জীৱনৰ সপোন লেখি…

জগতখন সেউজীয়া হৈ থাকোতেই ভাবিছিলো
নিজকে বিচাৰি উলিয়াই সুন্দৰ ৰূপত সজাম;
কিন্ত সেই যে দিঠক নোহোৱা আশাবোৰ
কাগজৰ বঠা নোহোৱা নাঁওখনৰ দৰেই
ক’ৰবাত দিকভ্ৰস্ত হৈ ৰ’ল!

দুখৰ শিলাখণ্ডক ত্যাগ কৰি ভাবিলো
জীৱনক নতুন ৰূপত গঢ় দিম,
দুপাখি মেলি উৰি যাম বহু দূৰনিলৈ
চকুৱে ঢুকি নোপোৱালৈ,
আকাশখন চুই চাম।

জীৱনক গতিময় কৰিবলৈ
এটি মায়াৰ গঢ় দিম
জীৱনক মন্দিৰ কৰি গঢ়িম
কোনোবা নেদেখাজনক বনাম
তাৰ পবিত্ৰতম প্ৰাৰ্থনা!

কিন্ত কি হ’ল সেই সপোনৰ
আবেগৰ, অঙ্গীকাৰৰ?
মোৰ হৃদয়ৰ হাহাকাৰ ধ্বনি
ৰণক্লান্ত ক্ষত-বিক্ষত আকুলবিননি
দুৰ্বোধ্য!
চেহ্! অনন্ত জলৰাশিত
মই মাত্ৰ এটি ক্ষুদ্ৰ ধূলিকণা মাত্ৰ!

গভীৰ হেপাহৰ বিধ্বস্ত মৰ্মান্তিক
শ্বাসৰুদ্ধকাৰী ছেদেলি-ভেদেলি
সপোনবোৰ বনজুইৰ দৰে দপ-দপাই
জ্বলি দ্বগ্ধ হৈ সেই কৃষ্ণচূড়াজোপাৰ
তলত সৰি ৰোৱা ফুলৰ দৰেই স্তিমিত,
য’ত খোজৰ তলত লুকাই ৰ’ল সৰা
পাতত লিখা উকা জীৱনৰ ইতিবৃত্ত!
©জোস্মি
২৬ মে’ ২০১৮

ফ্লেছবেক পানীমূৰ

হাঁহিৰ খোৰাক, পানীৰ বোঁৱতী সুঁত
আৰু সেউজ চৌপাশত
ল’ৰালিক পুনৰবাৰ ঘূৰাই পাইছিলো!
শৈশৱত সেই বালিৰ ঘৰ বনোৱাৰ দৰে
পানীত সকলোৱে যেন
লুকা-ভাকু খেলিবলৈ ধৰিছিলো!
নিলোত্পল বৰাৰ সেই “অ’ সময় ৰৈ যা” বুলি গোৱা গানটোৰ দৰে যেন সকলোৱে
অলপ পৰৰ বাবে হ’লেও
তাতে থমকি ৰৱ বিচাৰিছিলো!
আহ্ জীৱন!
তুমি নিশ্চয় নৰলা কিন্ত দি গ’লা
কিছু মিঠা সুৰ;
আজীৱন শুনিব পৰা!

ৰাবু দাদাৰ লাখটকীয়া হাঁহি;
লিপিকা,হিমাক্ষী আৰু ইন্দুবাৰ
সেই মনমুগ্ধ কৰা সেই অভিব্যক্তিত
সাধাৰণ ড্ৰাইভাৰ জনে ৰ’ লাগি চোৱাৰ লগতে
আকাশখনেও যেন থৰ হৈ ৰ’ লাগি চাইছিল!
ৰ’দৰ মাজেৰেই যেন মিচিকি হাঁহিছিল!

অংকিতা বাৰ সেই বেৰিয়া দাঁতৰ
ফাকেৰে সৰা সেই মৰম বিয়পোৱা
হাঁহিটিয়ে যে কাৰ কাৰ বুকুত
যৌৱনৰ খলকনি তুলিছিল!

দুহাল প্ৰেমিক চৰাই মুক্ত আকাশ পাই
নিজৰ মাজতে বিলীন হৈ সেই
মৰমত গালত আকি দিয়া মৰমসনা
চুমাটোৰ আবেগ কোনে বুজিব ন’ ইন্দু বা?
লাজুকি লতাৰ দৰে জয় পৰি
লাজতে কাণ ৰঙা পৰা
মোৰ ৰণি দাদাটো অ’!
চৌপাশে কেৱল স্ফূটি,
মৰমৰ নিস্বাৰ্থ এনাজৰী।

ফট’গ্ৰাফাৰ মোৰ দুই ভাইটি-দাদা অভি
আৰু মৈত্ৰেয়ৰ লেন্সত বন্দী হৈ
কেৱল থমকি ৰৈ গৈছিল সময়বোৰ!
তেজে তেজে সৰিছিল ৰ’য়েল স্টেগৰ বতাহ!
ল’ৰা-ধেমালিবোৰ আৰম্ভ হৈছিল;
মাজে মাজে কেতেং দান্স আকৌ মাজে মাজে
নিউজ ৰিৰ্পৰটিং; মাজে মাজে ভাস্কৰ দাদাৰ লগত দিয়া ফট’ৰ পজ!

অ’ পোৱালী হ’ পোৱালী
কৈ মই হৈ পৰিছিলো ইউনিভাৰ্ছেল পোৱালী!
আই মিন “ভন্টি”!
গায়ত্ৰী বা, পূজা বা’ই মুক্ত আকাশলৈ চাই
বিপ্লেৱেৰে গৌৰৱ কৰি উঠিছিল;
“এই সময়,সেই সময়”ৰ সৌন্দয্য অনুভৱ কৰি;
মাজে মাজে আকৌ আনহাল প্ৰেমিক
চৰাইৰ অভিমান!
সেই অভিমান কৰি উচাত মাৰি
আতৰি গৈ তৎক্ষণাতে পাহৰি
আকৌ আপোন পাহৰা হৈ
পানী খেলি আপোন পাহৰা হোৱা
দৃশ্যবোৰ ৰৈ গৈছিল কেৱল
স্মৃতিৰ কেনভাছত
একো একোটা সাধুকথা হৈ;
নহয়নে ডিম্পী,পল্লৱ?

উৎপাত বোৰৰ মাজতে
বন্ধুত্ব,ভাইভনীৰ সেই অদৃশ্য মৰমৰ এনাজৰীডাল আৰু কটকটীয়া হৈ অজানিতে
বান্ধ খাই পৰিছিল!
পানীমূৰত চিগাৰেতৰ ধুঁৱা হৈ উৰি গৈছিল
কত দু-চিন্তাবোৰ, লৰ মাৰিছিল দুখবোৰ
অচিন দেশলৈ!
থৈ গৈছিল কেৱল নষ্টালজীয়া;
কেৱল নষ্টালজীয়া!!!!!

@জোস্মি
৩০-৪-২০১৮

Check out this post on Mirakee:

“সুবিদিত”

প্ৰেম তাইৰ সুবিদিত
তাই জানে প্ৰেমৰ অৰ্থ!
তাই জানে যে প্ৰেমৰ অৰ্থ
প্ৰতাৰণা কেতিয়াও হ’ব নোৱাৰে।

দিবাস্বপ্নই আগুৰি ৰখা
সেড়ই চঞ্চল মনে দেও দি
নাচি থকা সময় তাই
বহু বাৰ পাৰ কৰি আহিছে।

তাই দেখিছে গোলাপেৰে
দো খাই থকা তিনিয়ালিৰ মূৰৰ
গোলাপজোপা; তাই দেখিছে
সেই গোলাপজোপা নাঙঠ হৈ শুকাই যোৱা।
প্ৰেম তাইৰ সুবিদিত।

তাই অনুভৱ কৰি পাইছে
সেই পখীৰ উন্মনা
তাই শিহৰণ পাইছে সেই
ধুমুহাই চিৰিলা-চিৰিল কৰা
কলগছৰ দৰে তাড়না।

জীৱনৰ কত বক্ৰৰেখাৰে খোজ দি
সৰলৰেখাৰে আগুৱাই শোকতপ্ত
হোৱাৰ অনুভৱ তাইৰ সুবিদিত;
প্ৰেম তাইৰ সুবিদিত।
©জোস্মি
২৮-১১-২০১৭

Post by :inexperienced_girl

Download the app and connect with brilliant writers and poets :

https://play.google.com/store/apps/details?id=io.mi.ra.kee&hl=en

তাইৰ উপন্যাস

তাইৰ বুকুত কঢ়িয়াই লৈ ফুৰিছে

এখন উপন্যাস…

জনসমুদ্ৰৰ পৰা আঁৰ কৰি;

য’ত লিখা আছে সঁচা মানুহৰ

জীয়া কাহিনী…

হতভগীয়া লোকৰ কান্দোন,আক্ৰোশ

ক্ৰোধ আৰু বেদনা য’ৰ অৰ্ঘ্য।
তাত আছে তৃপ্তিহীন মাদকতাবোৰৰ

বিবৰ্ণ ৰূপ,

আছে য’ত দ্বিধাগ্ৰস্ত পথিকৰ

বিভ্ৰান্ত,বেদনাসিক্ত অশ্ৰুৰ অঞ্জলি;

আছে হিয়া ভগা কান্দোন,বিব্ৰত ৰূপ!

জ্বলি পুৰি দাহ যোৱা লোকৰ

ছাই ৰূপে সৰি পৰা বৰ্ষাৰূপী অনুভৱ…

শংকাপূৰ্ণ হৃদয়ৰ অনাকাংক্ষীত স্বৰূপ
এক উপন্যাস…..হাজাৰ-বিজাৰ

লোকে লোকাৰণ্যই ৰিজাব পৰা উপন্যাস…

জীয়া মানুহৰ…

3-12-17

©jushmi